মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ আবকাৰী

মদৰ কাৰখানাৰ অনুজ্ঞা আৰু নিয়মাৱলী

অনুজ্ঞাপত্ৰ পাবলৈ কৰা আবেদন –

অসম আবকাৰী বিধি,২০১৬ৰ অধীনৰ ৪৯৯নং নিয়ম মতে কোনো মানুহে মদৰ কাৰখানা অসমৰ যিকোনো ঠাইতে স্থাপন কৰিবলৈ ইচ্ছা কৰি এখন অনুজ্ঞাপত্ৰ পাব খুজিলে তেওঁ নিম্নোক্ত বিৱৰণসমূহ দি আবকাৰী আয়ুক্তলৈ আবেদন জনাব লাগিব। -

  • নাম আৰু ঠিকনাৰে সৈতে আবেদনকাৰীৰ বিৱৰণ বা ব্যৱসায়িক প্ৰতিষ্ঠান হলে প্ৰতিষ্ঠানৰ নাম আৰু তাৰ সকলোবিলাক অংশীদাৰৰ নম আৰু কোম্পানী হলে তাৰ পঞ্জীভুক্ত নাম আৰু ঠিকনা।
  • প্ৰস্তাৱিত সুৰাৰ কাৰখানাটো কি কাৰণে খুলিব খুজিছে, আবেদনকাৰীয়ে তাৰ পৰা কৰিব খোজা ব্যৱসায়ৰ বিশদ বিৱৰণ।
  • কোনখন ঠাইত, কোনখিনি স্থানত আৰু কাৰখানা বহুৱাব খোজা অট্টালিকা থকা ঠাইৰ নাম।
  • আবেদনকাৰীয়ে কৰ্ম সম্পাদনৰ বাবে সুৰা থোৱা ঠাই, সুৰা থোৱা বাচন আৰু আন আন স্থায়ী সঁজুলিসমূহৰ আকাৰ, ধাৰণ ক্ষমতা, সংখ্যা আদিৰ বিৱৰণ।
  • যদি অনুজ্ঞাপত্ৰ দিয়া হয় তেন্তে আবেদনকাৰীয়ে কোন তাৰিখৰ পৰা সুৰাৰ কাৰখানাৰ ব্যৱসায় কৰিবলৈ আৰম্ভ কৰিব।
  • তেওঁ ব্যৱহাৰ কৰিব খোজা অট্টালিকা বা কাৰখানা স্থাপন কৰিবলৈ সাজিব খোজা অট্টালিকাৰ নক্সা আৰু তাত সথাপন কৰিব লগা সুৰা থোৱা ঘৰ, সুৰাৰ পাত্ৰ আৰু আন আন স্থায়ী সঁজুলিসমূহৰ তালিকা আৰু তাৰ লগত সংলগ্ন ভঁড়াল ঘৰ, ৱেৰহাউচ ইত্যাদি।
  • ১১৩ নং নিয়ম মতে আবেদনৰ বাবে মাচুল।

আবেদনৰ ওপৰত বিবেচনা

অসম আবকাৰী বিধি, ২০১৬ৰ অধীনত ৫০০নং নিয়ম মতে-

  • আবেদনখন পোৱাৰ পাছত আৰু যিখন জিলাত কাৰখানাটো স্থাপন কৰিব খুজিছে সেইখন জিলাৰ কালেক্টৰৰ লগত কাৰখানা খুলিব খোজা ঠাই ডোখৰৰ উপযুক্ততা আৰু যদি আগতে সজোৱা আছে তেন্তে তেনে অট্টালিকা আৰু আন আন বিষয়ৰ আলোচনা কৰি কালেক্টৰৰ মতামতৰ লগতে প্ৰয়োজনীয় আন আন অনুসন্ধান কৰি, আবকাৰী আয়ুক্তই সেই ঠাইত এটা কাৰখানা খোলাৰ বাবে অনুজ্ঞাপত্ৰ দিয়া হব নে নহয় সেই কথা স্থিৰ কৰিব। ব্যক্তিগত খণ্ডত এখন সুৰাৰ কাৰখানাৰ অনুজ্ঞাপত্ৰ দয়া হব নে নাই, এই কথাটো স্থিৰ কৰোতে আবকাৰী আয়ুক্তই কাৰখানা স্থাপন কৰিবলৈ খোজাৰ উদ্দেশ্যে, চাহিদা আৰু প্ৰয়োজনীয়তাৰ কথা সম্পূৰ্ণভাৱে চিন্তা কৰিব লাগিব।
  • মদৰ কাৰখানা খোলাৰ উদ্দেশ্যসমূহ। মদৰ কাৰখানা খুলিব পৰাৰ কাৰণ সমূহ হৈছে-
    • দেশী মদ যোগান দিয়া
    • বিদেশী সুৰা যোগান দিয়া
    • ৰাসায়নিক দ্ৰব্য প্ৰস্তুতি, ঔষধী সামগ্ৰী আদি আৰু আন আন ঔদ্যোগিক উদ্দেশ্যৰ বাবে স্পিৰিট যোগান
    • ওপৰৰ যিকোনো এটা বা আটাইবোৰ কাৰণ একেলগে।
  • যদি কোনো এখন ঠাইত চৰকাৰে এটা মদৰ কাৰখানা খোলাৰ বাবে অনুমোদন দিয়ে, তেন্তে আবকাৰী আয়ুক্তই অসম আবকাৰী আইন,২০০০ৰ অধীনত ১৫নং ধাৰা মতে কাৰখানাটো খুলিবলৈ দৰকাৰী ব্যৱস্থা হাতত লব আৰু আবেদনকাৰী আৰু কাৰখানা খুলিব খোজা জিলাৰ কালেক্টৰক অৱগত কৰিব। তেওঁ আকৌ জামিনৰ ধন কিমান জমা দি অনুজ্ঞাপত্ৰ পাবলৈ কৰণীয়খিনি কৰিব লাগিব সেই কথাও আবেদনকাৰীক জনাব লাগিব। জামিনৰ ধনখিনি কাৰখানা খোলাৰ বাবে প্ৰয়োজন হোৱা অনুজ্ঞাপত্ৰৰ মাচুলৰ শতকৰা ৫০ ভাগ হব পাৰে বা ব্যৱসায়ৰ পৰিসৰলৈ চাই তাতকৈ বেছি হবও পাৰে।
  • মদৰ কাৰখানা নিৰ্মাণ আঁচনি – ইয়াৰ পিছতে কাৰখানা সজা কাম আৰম্ভ কৰিবলৈ আবেদনকাৰীক মাতিব। কাৰখানা ঘৰটো সম্পূৰ্ণ হৈ উঠাৰ পাছত মদ থোৱা ঘৰ আৰু আন আন সঁজুলিবিলাক ভাগে ভাগে ৰখাৰ পাছত তেওঁ আঁচনিখনৰ নতুন দুটা কপি কালেক্টৰৰ ওচৰত দাখিল কৰিব লাগিব, যিজনে ইচ্ছা কৰা মতে যেনেকৈ তেনেকৈ সেই দুখন পৰীক্ষা কৰিব পাৰিব আৰু তাৰ একপি আবকাৰী আয়ুক্তৰ ওচৰত দাখিল কৰিব যাতে তেওঁ আগতে পোৱা আঁচনিখনৰ লগত তুলনা কৰি প্ৰয়োজন বোধে আকৌ পুনৰীক্ষণ কৰিবলৈ দিব। আবকাৰী আয়ুক্তই চূড়ান্ত অনুমোদন দিয়াৰ পাছত এক্সাইজ মেনুৱেল, ভলিউম-৩ ত থকা প্ৰপত্ৰৰ আৰ্হিত তেওঁ আবেদনকাৰীক অনুজ্ঞাপত্ৰ এখন প্ৰদান কৰিব।
    অট্টালিকাত নতুনকৈ সংযোগ কৰা বা সালসলনি কৰা, মদৰ পাত্ৰ বা আন কোনো স্থায়ী সাজ-সঁজুলিৰ সালসলনি, বা আঁচনিখন দাখিলৰ আগতে হওক বা পিছতে হওক, যিটো তেওঁ ৰাজহৰ সুৰক্ষা বা অবৈধ ক্ৰিয়াকলাপ ৰোধ কৰাৰ বাবে উপযুক্ত বিবেচনা কৰে, সেই উদ্দেশ্যে আবকাৰী আয়ুক্তই দিয়া নিৰ্দেশনাখিনি আবেদনকাৰীয়ে মানিবলৈ বাধ্য।
    অট্টালিকাত মদ থোৱা ঘৰ আদিত নতুনকৈ কিবা যোগ দিয়া বা সালসলনি কৰিবলৈ হলে আবকাৰী আয়ুক্তৰ পৰা আগতীয়াকৈ অনুমতি লব লাগিব। আবেদনকাৰীয়ে ভাৰপ্ৰাপ্ত বিষয়া আৰু কালেক্টৰৰ মাৰফত্ আবকাৰী আয়ুক্তৰ পৰা অনুমতি নোলোৱাকৈ চূড়ান্ত আঁচনিত থকা মতে অট্টালিকা, মদৰ পাত্ৰ নাইবা কোনো ধৰণৰ স্থায়ী আচবাব পত্ৰৰ সালসলনি কৰিব নোৱাৰিব। যদিহে তেনেদৰে কিবা যোগ দিয়া হয় বা সালসলনি কৰা হয়, তেন্তে তেওঁলোকে কৰা কামখিনি শুদ্ধ বুলি ভাৰপ্ৰাপ্ত বিষয়াৰ পৰা এখন প্ৰমাণ-পত্ৰ লৈ নতুনকৈ আঁচনিৰ নক্সা পঠাব লাগে।
    যদিহে আবকাৰী আয়ুক্তই নিৰ্দেশ দিয়ে তেন্তে মদৰ কাৰখানাৰ ভাৰপ্ৰাপ্ত বিষয়াই কালেক্টৰৰ অনুমতি সাপেক্ষে অট্টালিকা বা মদ থোৱা ঘৰৰ বা আন আন স্থায়ী সা-সঁজুলিৰ সাধাৰণ মেৰামতি কৰিব পাৰে আৰু সেইটো আবকাৰী আয়ুক্তই পাছত অনুমোদন দিব।
  • আবকাৰী আয়ুক্তই যিকোনো সময়তে বিৱৰণ আৰু আঁচনিখন পৰীক্ষা কৰিব পাৰে। ওপৰত উল্লেখ কৰা মতে বিৱৰণ আৰু আঁচনিখন পৰীক্ষা কৰিবলৈ আবকাৰী আয়ুক্তৰ বাবে বাট খোলা আছে আৰু কিবা ভ্ৰান্তি হলে নতুনকৈ এখন আঁচনি দাখিল কৰি অনুমোদন লব লাগে। এনেকুৱা কৰ্তৃত্বপ্ৰাপ্ত যিকোনো বিষয়াই কৰিব পাৰে, আৰু তেনেকুৱা বিষয়াই যিকোনো সময়তে চৌহদত সোমাব পাৰে। ইতিমধ্যে অনুমোদিত হোৱা আঁচনিখনৰ কিবা ভুল-ভ্ৰান্তি ওলালে সেইখিনি আবকাৰী আয়ুক্তৰ সন্তুষ্টি মতে শুধৰণী নকৰা পৰ্যন্ত অনুমোদন উঠাই লব পাৰে। আবকাৰী আয়ুক্তই নিৰ্ধাৰণ কৰি দিয়া সময়ৰ ভিতৰত এই শুধৰণীখিনি কৰি দিবলৈ কাৰখানাৰ গৰাকী বাধ্য।

অনুজ্ঞাপত্ৰৰ মাচুল, জামিনৰ ধন আৰু দলিল সম্পাদন

অসম আবকাৰী বিধি,২০১৬ৰ অধীনত ৫০১নং নিয়ম মতে আবকাৰী আয়ুক্তই কাৰখানাৰ অনুজ্ঞাপত্ৰখন অনুমোদন কৰাৰ আগতে ৫০০(গ) নিয়মৰ অধীনত অনুজ্ঞাপত্ৰখনৰ সবিশেষ অৱস্থা নিৰীক্ষণ কৰিব পৰাকৈ অনুজ্ঞাপত্ৰৰ মাচুল আৰু জামিনৰ ধন আগতীয়াকৈ জমা দিব লাগে আৰু নিৰ্ধাৰিত প্ৰপত্ৰত, মদ বনাবলৈ ব্যৱহাৰ কৰা কাৰখানাৰ চৌহদ, মদ ৰখা ঘৰ, মদ বনাবলৈ ব্যৱহাৰ কৰা সকলো সা-সঁজুলিসমূহ বন্ধকী দিব লাগে, যিটোৱে ৰাজ্য চৰকাৰক দিবলগীয়া শুল্ক, মাচুল, জৰিমনা বা আন আন তেওঁৰ অনুজ্ঞাপত্ৰৰ ব্যৱস্থা মতে তেওঁৰ মদৰ কাৰখানাটো আইনমতে বা নিয়ম মতে বা তেওঁ সম্পাদন কৰা দলিলৰ মতে বন্ধকী দিব লাগিব। এনেকৈ বন্ধকী দলিল সম্পাদনা কৰাৰ সলনি মদৰ কাৰখানাৰ গৰাকীয়ে চৰকাৰে ধাৰ্য কৰি দিয়া টকা জমা দিলেও হয়। আবেদনকৰীয়ে ১৯(৩) নিয়মৰ অধীনত উল্লেখ থকা মতে অনুজ্ঞাপত্ৰৰ মাচুলখিনি জমা দিব লাগিব।

কিমান সময়ৰ বাবে এখন অনুজ্ঞাপত্ৰ দিয়া বা নবীকৰণ হয়

অসম আবকাৰী বিধি,২০১৬ৰ অধীনত ৫০২নং নিয়ম মতে বাৰ্ষিক নবীকৰণ আৰু সন্তোষজনক কৰ্ম সম্পাদন কৰিলে প্ৰতিটো ঘটনাতে ৰাজ্য চৰকাৰে সিদ্ধান্ত দিয়া মৰ্মে মদৰ কৰখানাৰ অনুজ্ঞাপত্ৰখন যিমান ইচ্ছা সিমান বছৰলৈ ংঅনুমোদন কৰিব পাৰিলেও, ১০ বছৰতকৈ বেছি বছৰলৈ নহয়। যদিহে অনুজ্ঞাপত্ৰধাৰীৰ সম্পাদিত কৰ্মৰাজি এই গোটেই সময়ছোৱাত সন্তোষজনক বুলি প্ৰমাণিত হয়, তেন্তে ৰাজ্য চৰকাৰৰ বিবেচনা মতে আকৌ সিমানখিনি সময়লৈ সেই সময়ৰ চৰ্তাৱলীৰ মতে বৃদ্ধি কৰিব পাৰে।

কৰ্মচাৰী দল আৰু তেওঁলোকৰ খৰচ

অসম আবকাৰী বিধি,২০১৬ৰ অধীনত ৫০৩নং নিয়ম মতে ৰাজ্য চৰকাৰ বা আবকাৰী আয়ুক্তই মদৰ কাৰখানাৰ বাবে এনেকুৱা বিষয়া আৰু কৰ্মচাৰী নিয়োগ কৰিব যিবিলাকক তেনে কামৰ বাবে যোগ্য বুলি তেওঁলোকে বিবেচনা কৰিব। আবকাৰী আয়ুক্তই সময়ে সময়ে নিৰ্দ্ধাৰণ কৰি দিয়া মতে প্ৰতি কেলেণ্ডাৰ মাহৰ শেষত কাৰখানাৰ গৰাকীয়ে তেনে কৰ্মচাৰীসকলৰ খৰচখিনি ৰাজ্য চৰকাৰক সোধাব লাগিব। কৰ্মচাৰীসকলৰ বাবে কৰা খৰচৰ ভিতৰত তেওঁলোকক দৰমহা, ছুটিকালীন দৰমহা আৰু পেন্সনৰ বৰঙণিও থাকিব।