মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ আবকাৰী

দেশী মদ

পণ্যাগাৰলৈ দেশী মদ যোগানৰ চুক্তি-

অসম আবকাৰী বিধি, ২০১৬ৰ অধীনৰ ১৬২নং নিয়ম মতে কোনো বিশেষ ঠাইত উপলব্ধ হোৱাকৈ কোনো মদৰ কাৰখানাৰ পৰা দেশী মদ যোগান ধৰাৰ বিশেষ চুক্তিৰ বাবে মদ যোগান ধৰাৰ ছমাহ আগতে আবকাৰী আয়ুক্তই নিবিদা আহ্বান কৰিব। পৰিস্থিতি সাপেক্ষে, ৰাজ্য চৰকাৰে ওপৰত উল্লেখ কৰাৰ দৰে ছমাহতকৈও কম সময়ৰ ভিতৰত দিব পৰাকৈ নিবিদা আহ্বান কৰিবলৈ আবকাৰী আয়ুক্তক নিৰ্দেশ দিব পাৰে।

অসম আবকাৰী বিধি, ২০১৬ৰ অধীনৰ ১৬৩নং নিয়ম মতে কোনো আবেদনকাৰীয়ে ১৬২নং নিয়ম মতে অনুজ্ঞাপত্ৰ পাবলৈ নিবিদা দিব খুজিলে, তেওঁ নিম্নোক্ত বিৱৰণসমূহ লিপিবদ্ধ কৰি আবকাৰী আয়ুক্তলৈ আবেদন জনাব লাগিব।

  • আবেদনকাৰীৰ নাম বা নামসমূহ, ব্যৱসায়িক প্ৰতিষ্ঠান হলে তাৰ প্ৰতিজন অংশীদাৰীৰ নাম, কোম্পানী হলে তাৰ পঞ্জীভুক্ত নাম আৰু চৰকাৰে সময়ে সময়ে ধাৰ্য কৰা মাচুল জমা দি আবকাৰী আয়ুক্তৰ ওচৰত পঞ্জীভুক্ত কৰা নাম। আবেদনকাৰীয়ে তেওঁৰ নাম আবকাৰী আয়ুক্তৰ ওচৰত পঞ্জীয়ন কৰিব লাগিব। এইদৰে পঞ্জীয়ন কৰা নাম আৰু পঞ্জীয়ন নম্বৰটো আৰু তাৰিখ নিবিদা কাগজত উল্লেখ কৰিব লাগিব।
  • আবেদনকাৰীজনে (বৰ্তমানৰ ঠিকাদাৰতকৈ যদি আন হয়) তেওঁৰ নিবিদাত এই কথা উল্লেখ কৰিব লাগিব যে এই নিয়নসমূহৰ ১৭৩নং নিয়ম তমে তেওঁ ৱেৰহাউছৰ ভিতৰত মদৰ পাত্ৰ আৰু আন আন সঁজুলিসমূহ লবলৈ ইচ্ছা কৰিছে আৰু সেই সঁজুলিসমূহৰ তালিকা এখন আবেদনৰ লগত দাখিল কৰিব লাগিব।
  • প্ৰতিজন আবেদনকাৰীয়ে তেওঁৰ নিবিদাৰ লগত আবকাৰী আয়ুক্তই ধাৰ্য কৰা মতে আগধনখিনি বেংক ড্ৰাফ্ট যোগে আবকাৰী আয়ুক্তক জমা দিব লাগিব। বেংক ড্ৰাফ্টখন টেণ্ডাৰৰ লগত জমা দিব লাগিব অন্যথাই নিবিদাখন গ্ৰহণ কৰা নহব। অকৃতকাৰ্য হোৱা আবেদনকাৰীসকলে তেওঁলোকে জমা দিয়া আগধনখিনি ঘূৰাই পাব। কৃতকাৰ্য হোৱা আবেদনকাৰীৰ আগধনখিনি জামিন হিচাপে পৰিৱৰ্তন কৰা হব।

অসম আবকাৰী বিধি,২০১৬ৰ ১৬৩নং নিয়ম মতে আবকাৰী আয়ুক্তলৈ তেওঁৰ অনুমোদন দি নিবিদাসমূহ ৰাজ্যিক চৰকাৰলৈ প্ৰেৰণ কৰিব, নিবিদাখিনি তাত গ্ৰহণ কৰা বা নাকচ কৰা হব। যদি কোনো এজন আবেদনকাৰীকে যোগ্য বুলি ববেচনা নকৰি গোটেইবিলাক নিবিদাকে ৰাজ্য চৰকাৰে নাকচ কৰে, তেন্তে চৰকাৰৰ অধিকাৰৰ ভিত্তিত এনে এজন মানুহক অনুজ্ঞাপত্ৰ দিব পাৰে, যিজনে নিবিদা দিয়াই নাই অথচ আন আন কালৰ পৰা যোগ্য বুলি বিবেচিত হৈছে।

যদি বন্দোৱস্ত কৰা মতে কিবা চৰ্ত আবেদনকাৰীয়ে উলঙ্ঘা কৰে তেনেহলে কোনো ধৰণৰ ক্ষতিপূৰণ নিদিয়াকৈ সেই বন্দোৱস্ত খাৰিজ কৰি দিবলৈ অসম চৰকাৰৰ অধিকাৰ আছে। কোনো এটা বন্দোৱস্তি চলি থকাৰ মাজতে যদি আবেদনকাৰীয়ে ৰেক্টিফাইড স্পিৰিট গ্ৰেড-১ যোগান দিবলৈ অপৰাগ হয় বা ৱেৰহাউচত নিম্নমানৰ স্পিৰিট যোগান দিয়ে আৰু তেনে কৰাৰ ফলত চৰকাৰৰ লোকচান হলে ৰাজ্য চৰকাৰে ধাৰ্য কৰা মতে আবেদনকাৰীয়ে সেই লোকচানখিনি পূৰণ কৰিব লাগিব আৰু বন্দোৱস্তিটো খাৰিজ হৈ যাব।

দেশীয় মদৰ দোকানৰ বন্দোবস্তী, অনুজ্ঞাপত্ৰ আৰু মাচুল আদি
অসম আবকাৰী বিধি, ২০১৬ৰ ২৩৯নং নিয়ম মতে
বন্দোবস্তীৰ নিয়ম –

  • দেশী মদৰ দোকানৰ বন্দোৱস্তী মোহৰ মৰা নিবিদাৰ জৰিয়তে ডাক দিয়া নিয়মেৰে বা ৰাজ্য চৰকাৰে দিয়া আন কোনো নিৰ্দেশ মতে হব।
  • এখন দেশী মদৰ দোকানৰ বাবে বিক্ৰীৰ বাবে দিয়া নটিচত আন আন কথা থকাৰ উপৰিও সংৰক্ষিত হিচাপে অতি কমে বিক্ৰী মাচুল আৰু মিনিমাম গেৰাণ্টি কোটাৰ উল্লেখ থাকিব।
  • বন্দোৱস্তীৰ চৰ্ত তিনি বছৰৰ বাবে হব আৰু এই নিয়মবিলাকৰ ১৩৭ আৰু ১৩৮ নং নিয়ম মতে প্ৰতি বছৰে অনুজ্ঞাপত্ৰখন নবীকৰণ কৰিব লাগিব, চৰ্ত্ত থাকিব যে প্ৰতি বছৰৰ দেশীয় মদ বিক্ৰীৰ পৰিমাণ, মিনিমাম গেৰাণ্টিড কোটা আগৰ বছৰতকৈ ৬ শতাংস বৃদ্ধি হব লাগিব।
  • আটাইতকৈ বেছি বিক্ৰী কৰ দিয়া আৰু আটাইতকৈ বেছিকৈ মিনিমাম গেৰাণ্টিড কোটা দিয়া দেশী মদৰ আবেদনকাৰীকে জিলাৰ কালেক্টৰে দোকানখন আবণ্টন দিব, যিটো এই নিয়মবলাকৰ ২৪৯নং বিধিৰ উপ-বিধি নং(১)ৰ অধীনত গঠিত পৰামৰ্শদাতা কমিটীৰ অনুমোদন মৰ্মে হব।
  • যিজন আবেদনকাৰীৰ নামত দোকানখন আবণ্টন দিয়া হল, তেওঁ প্ৰতি বছৰে অনুজ্ঞাপত্ৰখন নবীকৰণৰ আগতে দেশী মদৰ সৰ্বনিম্ন প্ৰত্যাভূতি কোটাৰ অধীনত অতি কম পৰিমাণে উঠাবলৈ বাধ্য থাকিব লাগিব। বাৰ্ষিক সৰ্বনিম্ন প্ৰত্যাভূতি কোটাৰ দেশীয় মদখিনি ১২ মাহত ভাগ কৰা হব আৰু মাহটোৰ নিৰ্দ্ধাৰিত কোটাখিনি মাহৰ শেষৰটো কৰ্মদিনত উঠাব লাগিব।
  • ওপৰৰ নিয়ম বিলাকৰ মতে দোকান এখন আবণ্টন দিয়াৰ পাছত, আবেদনকাৰীয়ে ২৪৯(১৭)(ক) নিয়ম মতে অনুজঞাপত্ৰৰ বাবে নিৰ্দিষ্ট মাচুল জমা দিয়াৰ আগত আবেদনকাৰীয়ে তথ্যসমূহ ঠিকে-ঠাকে দিছে নে নাই সেইটো জিলা কালেক্টৰে পৰীক্ষা কৰিব। আবেদনকাৰীয়ে কোনো ধৰণে মিছা তথ্য দিলে আবণ্টন খাৰিজ হব আৰু আবেদনকাৰীয়ে জমা দিয়া জামিনৰ ধন বাজেয়াপ্ত হব।
  • পৰামৰ্শদাতা কমিটীয়ে উচ্চতম বিক্ৰী মাচুল উত্পাদক হিচাপ কৰি নিবিদাখনক অনুমোদন দিব, যিটো সংখ্যা আবেদনকাৰীয়ে আগবঢ়োৱা বিক্ৰী মাচুল আৰু এবছৰৰ বাবে দোকানখনৰ দেশীয় মদৰ মিনিমাম গেৰাণ্টিড কোটাৰ পুৰণফলৰ সমান।

অসম আবকাৰী বিধি,২০১৬ৰ অধীনৰ ২৪০ নং নিয়ম মতে অহা বছৰৰ বাবে অনুজ্ঞাপত্ৰ দিব লগা দোকানসমূহৰ তালিকাখন নিৰ্দিষ্ট ফৰ্মত জিলা কালেক্টৰে আবকাৰী আয়ুক্তৰ পৰামৰ্শ মতে পিছৰ বছৰৰ অনুজঞাপত্ৰ দিয়াৰ ছমাহ আগতে বা আয়ুক্তই স্থিৰ কৰা সময় মতে প্ৰস্তুত কৰিব লাগে। উক্ত তালিকাখনত দোকনখন স্থাপন হব লগা ঠাইৰ চমু তালিকাখনত দোকানখন স্থাপন হব লগা ঠাইৰ চমু বিৱৰণ থাকিব লাগিব। তালিকাখনত নতুন দোকানৰ নাম সোমাব নোৱাৰিব আৰু বৰ্তমানে থকা দোকানসমূহৰ স্থান সলনি হব নোৱাৰিব, যদিহে বিশেষ পৰিস্থিতি উদ্ভৱ হয়, যিটো জিলা কালেক্টৰে নিজে বা জিলা কালেক্টৰৰ পৰা অধিকাৰপ্ৰাপ্ত আবকাৰী বিষয়াই স্থানীয়ভাৱে অনুসন্ধান কৰিব।

অসম আবকাৰী বিধি,২০১৬ৰ অধীনৰ ২৪১(১) নং নিয়ম মতে জিলাৰ কালেক্টৰে এই বিষয়ে বহল ভিত্তিত প্ৰচাৰ কৰিব আৰু তেওঁৰ এক্তিয়াৰত থকা নিগম/ পৌৰসভা/ নগৰ সমিতিৰ মেয়ৰ বা সভাপতি আৰু মহকুমা পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যলৈ ওপৰৰ ২৪০ নং নিয়মৰ ভিত্তিত প্ৰস্তুত কৰা দোকানৰ তথ্যসমূহ সেই নিগম/ পৌৰসভা/ নগৰ সমিতিৰ বা মহকুমা পৰিষদৰ এলেকাত পৰাটো নিশ্চিত কৰিবলৈ দিব। তথ্যখিনি পোৱাৰ পাছত নিগম/ পৌৰসভা/ নগৰ সমিতিৰ মেয়ৰ বা সভাপতি বা মহকুমা পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যই সেই তথ্যৰ কপি এটা তেওঁৰ কাৰ্যালয়ৰ নটিচ বোৰ্ডত লগাই দি কাৰোবাৰ কিবা আপত্তি থাকিলে নটিচ দিয়াৰ পৰা ১৫ দিনৰ ভিতৰত লিখিতভাৱে জনাবলৈ আহ্বান জনাব।

(২) কাৰোবাৰ নামবিলাকৰ তালিকখনৰ লগত যদি কাৰোবাৰ কিবা আপত্তি থাকে সেইবিলাক মেয়ৰ, সভাপতি বা মুখ্য কাৰ্যবাহী সদস্যই তেওঁৰ মন্তব্যসহ জিলা কালেক্টৰলৈ পঠাই দিব। এনেদৰে উপ-বিধি (১) অনুসাৰে টোকাটো পঠাই দিয়াৰ এমাহৰ ভিতৰত যদি কোনো ধৰণৰ যোগাযোগ নহয়, তেন্তে তালিকাখনত কাৰো একো আপত্তি নাই বুলি ধৰি লোৱা হব। আপত্তি পালে, জিলা কালক্টৰে নিজেই বা কোনো এজন ৰাজপত্ৰিত বিষয়াক স্থানীয়ভাৱে অনুসনধান কৰিবলৈ পঠাব পাৰে।

অসম আবকাৰী বিধি,২০১৬ৰ অধীনৰ ২৪২নং নিয়ম মতে জিলা কালেক্টৰে মদৰ খুচুৰা বিক্ৰীৰ প্ৰস্তাৱিত দোকানসমূহৰ নামৰ তালিকা জিলা আৰু মহকুমা কাৰ্যালয়, উপ-প্ৰতি সমাহৰ্ত্তাৰ কাৰ্যালয়, খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়, মহকুমাৰ পৰিষদৰ কাৰ্যালয়, গাঁও পঞ্চায়তৰ কাৰ্যালয় আদি উপযুক্ত বুলি বিবেচনা কৰা প্ৰধান ৰাজহুৱা স্থানসমূহত লগাব পাৰে। তেনে তালিকা বা নটিতচ এটা কথা উল্লেক থাকিব যে জিলা কালেক্টৰৰ ওচৰত দাখিল কৰিবলগীয়া আপত্তি ১৫ দিনৰ ভিতৰত দাখিল কৰিলেহে গ্ৰাহ্য কৰা হব। আপত্তি পোৱাৰ পিছত জিলা কালেক্টৰে স্থানীয়ভাৱে তাৰ ওপৰত এক অনুসন্ধান চলাব।

অসম আবকাৰী বিধি,২০১৬ৰ অধীনৰ ২৪৩নং নিয়ম মতে জিলা কালেক্টৰে (ক) পৌৰ নিগম/ পৌৰসভা/ নগৰ সমিতিৰ মেয়ৰ বা সভাপতি নাইবা মহকুমা পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যৰ বিৱৰণ, (খ) তালিকাভুক্ত দোকানৰ ওপৰত দিয়া আপত্তি (যদি আছে), আৰু (গ) ২৪১ আৰু ২৪২নং নিয়মৰ অধীনত কৰা স্থানীয় অনুসন্ধানৰ তথ্যসমূহ বিবেচনা কৰি এটা শেষ সিদ্ধান্তত উপনীত হব, যদিহে কোনো আদালত বা আবকাৰী আয়ুক্ত বা ৰাজ্য চৰকাৰৰ ওচৰত কৰা আপীল মৰ্মে হস্তক্ষেপ নহয়।
অসম আবকাৰী বিধি,২০১৬ৰ অধীনত ২৪৪ নং নিয়ম মতে আবকাৰী বিভাগীয় প্ৰশাসনৰ ক্ষেত্ৰত নিগম, মহকুমা পৰিষদ, মিউচিপালিটী বোৰ্ড/টাউন কমিটীসমূহকো কালেক্টৰে এনে ধৰণৰ ৰাজহুৱা কথা আলোচনাৰ বাবে লব পাৰে। নিগম, মহকুমা পৰিষদ, পৌৰসভা/ নগৰ সমিতিয়ে এই বিষয়ত আগভাগ লৈ কালেক্টৰক ইয়াৰ ব্যৱসায়, বিক্ৰীৰ সময়সূচী, আবকাৰীৰ পৰা অপকাৰিতা আৰু আইনৰ অধীনত হব পৰা অনিয়মসমূহৰ বিষয়ে কথোপকথন হব পাৰে। যিয়ে হওক, এই বিধিসমূহ কাৰিকৰী, অনুশাসনমূলক বা সম্পূৰ্ণ প্ৰশাসনিক ধৰণত নপৰিব। যদিহে নিগম, মহকুমা পৰিষদ বা মিউনিচিপালিটী পৌৰসভা/ নগৰ সমিতিয়ে কিবা অনুমোদন দিয়ে, যিটো কালেক্টৰৰ ক্ষমতাৰ বাহিৰত হয়, তেনে ক্ষেত্ৰত তেওঁৰ মতামতসহ তাক আবকাৰী আয়ুক্তলৈ প্ৰেৰণ কৰিব। আবকাৰী আয়ুক্তই কথাখিনি তেওঁৰ মন্তব্যৰে সৈতে ৰাজ্য চৰকাৰলৈ বিহিত ব্যৱস্থাৰ বাবে পঠাব।
অসম আবকাৰী বিধি, ২০১৬ৰ অধীনত ২৪৫নং নিয়ম মতে ১ নৱেম্বৰ বা তাৰ আগতে তালিকাভুক্ত কৰা বন্দোৱস্তি দিব লগা দোকানৰ ওপৰত এই নিয়মসমূহৰ মতে বিবেচনা কৰি স্থিৰ কৰাৰ পাছত তাত কি কি পৰিস্থিতিত নতুন দোকানৰ নাম সোমাব লগা হল বা বৰ্তমানে চলি থকা দোকানৰ নাম কৰ্তন কৰা বা সালসলনি কৰা হল, তাৰ অনুমোদন দি নিৰ্ধাৰিত প্ৰপত্ৰত ভৰ্ত্তি কৰি আবকাৰী আয়ুক্তলৈ প্ৰেৰণ কৰা হব।

অসম আবকাৰী বিধি,২০১৬ৰ অধীনত ২৪৬(১) নং নিয়ম মতে বন্দোৱস্তিৰ প্ৰপত্ৰখনত দেশীয় মদৰ দোকানখনৰ নাম, থানা, প্ৰতি এল.পি.এল.ত আগৰ বাৰৰ বিক্ৰী মাচুল, প্ৰতিখন দেশী মদৰ দোকানৰ মিনিমাম গেৰাণ্টিড কোটা, প্ৰতিখন দোকানৰ বাবে ১৫ দিনত খৰচ হোৱা মদৰ আনুমানিক পৰিমাণ আদি লিপিবদ্ধ হৈ থাকিব লাগিব. বন্দোৱস্তী প্ৰপত্ৰখনত চলিত বছৰত দেশী মদ কিমা পৰিমাণে বিক্ৰী হল আৰু তাৰ খুচুৰা দৰ কিমান, আৰু চলিত বছৰত দোকানখন চলাওতে কিমান লাভ বা লোকচান হল, সেই কথাও লিপিবদ্ধ হব লাগিব।

  • বন্দোৱস্তী প্ৰপত্ৰখনত স্থায়ীভাৱে ৰখা অতি কম বিক্ৰী মাচুল আৰু মিনিমাম গেৰাণ্টিড কোটাৰ কথাও থাকিব লাগিব।
  • এখন বিশেষ দোকানৰ ওপৰত যদি কেইবাখনো নিবিদাৰ মাজত হায়েষ্ট ভেণ্ড ফী ফেক্টৰৰ জোঁট থাকে, তেন্তে লটাৰী কৰি বন্দোৱস্তীটো স্থিৰ কৰা হব।
  • বন্দোৱস্তীৰ চৰ্তমতে তিনি বছৰলৈ বন্দোৱস্তি বাহাল থাকিব আৰু ইয়াৰ ভিতৰত প্ৰতি বছৰে নবীকৰণ কৰি মিনিমাম গেৰাণ্টিড কোটা প্ৰতি বছৰে ৬ শতাংশকৈ বঢ়াব লাগিব।
  • আবকাৰী আয়ুক্তই আগতে দিয়া অনুমোদন মৰ্মে যিকোনো দেশী মদৰ দোকান জিলা কালেক্টৰে খুলিব পাৰিব, স্থানান্তৰ কৰিব আৰু বন্ধ কৰিব পাৰিব।
  • অসম আবকাৰী বিধি,২০১৬ৰ অধীনত ২৪৭নং নিয়মৰ মতে উপায়ুক্তৰ প্ৰস্তাৱটো আবকাৰী আয়ুক্তই পায় অনুমোদন কৰাৰ পাছত নিম্নোল্লেখিত পদ্ধতি মতে দোকানৰ বন্দোৱস্তী সম্পূৰ্ণ কৰিব পাৰিব।