মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ আবকাৰী

বণ্ডেড পণ্যাগাৰ

বণ্ডেড পণ্যাগাৰৰ অনুজ্ঞাপত্ৰ পাবলৈ নিম্নোক্ত পদ্ধতিসমূহ আছে-

অসম আবকাৰী বিধি,২০১৬ৰ অধীনৰ ৪৫৭ নং নিয়ম মতে যিকোনো মানুহে কাৰখানা চৌহদত যদি কিবা এটা বণ্ডেড ৱেৰহাউছ স্থাপনৰ কাম কৰিবলৈ অনুজ্ঞাপত্ৰ পাব খোজে, তেন্তে তেওঁ নিম্নোক্ত বিষয়সমূহ সন্নিৱিষ্ট কৰি আবকাৰী আয়ুক্তলৈ লিখিতভাৱে আবেদন জনাব লাগিব-

  • নাম আৰু ঠিকনাৰে সৈতে আবেদনকাৰীৰ বিৱৰণ বা ব্যৱসায়িক প্ৰতিষ্ঠান হলে প্ৰতিষ্ঠানৰ নাম আৰু তাৰ সকলোবিলাক অংশীদাৰৰ নাম আৰু কোম্পানী হলে তাৰ পঞ্জীভুক্ত নাম আৰু ঠিকনা।
  • কাৰখানা প্ৰতিষ্ঠিত থকা ঠাইৰ নাম যিখন ঠাইত আৰু অট্টালিকাত ৱেৰহাউছটো স্থাপন কৰা আৰু কাম কৰা হব।
  • আবেদনকাৰীয়ে বহুৱাব খোজা মদৰ পাত্ৰৰ সংখ্যা আৰু আকাৰ আৰু তাত লগা আন সঁজুলিৰ বিৱৰণ।
  • এখন অনুজ্ঞাপত্ৰ প্ৰদান কৰাৰ কিমান দিনৰ পাছত আবেদনকাৰীয়ে ৱেৰহাউছৰ ব্যৱসায় কৰিব পাৰিব।
  • যিটো অট্টালিকাত আবেদনকাৰীয়ে বিদেশী সুৰা জমা কৰিব খুজিছে সেই অট্টালিকাটোৰ নক্সা বা বনাব খোজা অট্টালিকাটোৰ নক্সা, লগতে মদৰ মাত্ৰ আৰু আন আন স্থায়ী সামগ্ৰী স্থাপন কৰিব খোজা ঠাইখিনিৰ আন সংলগ্ন ভঁড়াল ঘৰটোৰ বিৱৰণ।
  • ১১৩ নং নিময় মতে আবেদনৰ মাচুল।

অসম আবকাৰী বিধিৰ ৪৫৮নং নিয়ম মতে –   

  • আবেদনখন পোৱাৰ পাছত প্ৰয়োজনীয় অনুসন্ধান কৰি আবকাৰী আয়ুক্তি আবেদনখনৰ ওপৰত তেওঁৰ মতামত লিখি সেইখন চৰকাৰলৈ পঠাব।
  • বিদেশী সুৰাৰ বাবে বণ্ডেড পণ্যাগাৰ খুলিব পাৰি-(ক) বিদেশী সুৰা জমা কৰি ৰাখি আগতীয়াকৈ আবকাৰী কৰ জমা দি পাইকাৰী অনুজ্ঞাপ্ৰাপ্ত ব্যৱসায়ীক বিক্ৰী কৰা, (খ) ৰাসায়নিক দ্ৰৱ্য প্ৰস্তুত কৰা, ঔষধ বনোৱা বা আন ঔদ্যোগিক উদ্দেশ্যত ব্যৱহাৰৰ বাবে স্পিৰিটৰ যোগান ধৰা, (গ) কম্পাউণ্ডিং, ব্লেণ্ডিং আৰু বিদেশী সুৰাৰ বটলিং কৰি সেইবিলাক ৰপ্তানি শুল্ক আদায় দি উঠি বিক্ৰী কৰা।
  • যদি এটা কাৰখানা চৌহদত এটা বণ্ডে বণ্ডেড পণ্যাগাৰ স্থাপন কৰিবলৈ চৰকাৰে অনুমতি দিয়ে, তেন্তে আবকাৰী আয়ুক্তই এই আইনখনৰ ভিত্তিত এছ-১৫ নং নিয়ম মতে প্ৰয়োজনীয় অনুমোদন দিব আৰু আবেদনকাৰী আৰু পণ্যাগাৰটো স্থাপন হব লগা জিলাৰ কলেক্টৰক জনাব। তেওঁ আকৌ আবেদনকাৰীয়ে সুস্থিৰভাৱে কাৰ্যসম্পাদন কৰিবলৈ কিমান টকাৰ জামিন দিব লাগিব সেই কথাও আবেদনকাৰীক জনাব আৰু তাৰ ভিত্তিত অনুজ্ঞাপত্ৰ প্ৰদান কৰিব। জামিনৰ ধন বণ্ডেড ৱেৰহাউছৰ অনুজ্ঞাপত্ৰৰ মাচুলৰ শতকৰা পঞ্চাশ ভাগ বা ব্যৱসায়ৰ পৰিমাণ চাই বেছিও হব পাৰে।
  • ইয়াৰ পাছত আবেদনকাৰীক আনি তেওঁৰ খৰচত পণ্যাগাৰটো সাজিবলৈ আৱশ্যকীয় ব্যৱস্থা লবলৈ কব। অট্টালিকাটো সজা সম্পূৰ্ণ হোৱাৰ পাছত আৰু মদৰ পাত্ৰ আৰু আন আন স্থায়ী সঁজুলিবিলাক ঠিকে-ঠাকে সংস্থাপন কৰাৰ পাছত আবেদনকাৰীয়ে নতুনকৈ দুখন নক্সা কালেক্টৰে নিজ ইচ্ছামতে পৰীক্ষা কৰি তাৰ এখন নক্সা আবকাৰী আয়ুক্তৰ ওচৰত দাখিল কৰি আগতে দিয়া নক্সাখনৰ লগত মিল আছেনে নাই পৰীক্ষা কৰিব দিব আৰু তেওঁ ইচ্ছা কৰা মতে আকৌ পৰীক্ষা কৰিবলৈও দিব পাৰে। আবকাৰী আয়ুক্তই অনমোদন দিয়াৰ পিছত সেই নিয়মৰ অধীনত থকা নিৰ্দেশিত ফৰ্মত এখন অনুজ্ঞাপত্ৰ প্ৰদান কৰা হব। অট্টালিকাত নতুনকৈ সংযোগ কৰা বা সাল-সলনি কৰা, মদৰ পাত্ৰ বা আন কোনো স্থায়ী সাজ-সঁজুলিৰ সাল-সলনি, বা নক্সাখনৰ দাখিলৰ আগতে হওক বা পিছতে হওক, যিটো তেওঁ ৰাজহৰ সুৰক্ষা বা অবৈধ কৰিয়াকলাপ ৰোধ কৰাৰ বাবে উপযুক্ত বিবেচনা কৰে, সেই উদ্দেশ্যে আবকাৰী আয়ুক্তই দিয়া নিৰ্দেশনাখিনি আবেদনকাৰীয়ে মানিবলৈ বাধ্য।
  • আবেদনকাৰীয়ে ভাৰপ্ৰাপ্ত বিষয়া আৰু কালেক্টৰৰ মাৰফত্ আবকাৰী আয়ুক্তৰ পৰা অনুসতি নোলোৱাকৈ অন্তিম আঁচনিত থকা মতে অট্টালিকা, মদৰ পাত্ৰ নাইবা কোনো ধৰণৰ স্থায়ী আচবাব পত্ৰৰ সাল-সলনি কৰিব নোৱাৰিব। যদি আবকাৰী আয়ুক্ত ইচ্ছা কৰে আৰু অনুমোদন দিয়ে তেন্তে তেনেদৰে যোগ দিয়া বা সাল-সলনিৰ বাবে কালেক্টৰে অনুমতি দিব পাৰে। যদিহে এনেদৰে কিবা যোগ দিয়া হয় বা সাল-সলনি কৰা হয় তেন্তে তেওঁলোকৰ কামখিনি শুদ্ধ বুলি ভাৰপ্ৰাপ্ত বিষয়াৰ পৰা এখন প্ৰমাণ পত্ৰ লৈ কালেক্টৰৰ জৰিয়তে আবকাৰী আয়ুক্তলৈ এখন নতুন কৈ আঁচনিৰ নক্সা পঠাব লাগে।
  • আবকাৰী আয়ুক্তই যেতিয়াই তেতিয়াই পৰীক্ষা কৰি চাব পৰা ওপৰোক্ত বিৱৰণ বা আঁচনিখনত থকা কোনো ভুল বা প্ৰমাণৰ বাবে আকৌ পৰীক্ষা কৰাৰ বাবে যিকোনো বিষয়া আহিব পাৰে আৰু তেওঁ চৌহদলৈ সম্পূৰ্ণকৈ আহিব পাৰে। ইতিমধ্যে অনুমোদিত হোৱা আঁচনিখনত কিবা ভুল ওলালে সেইখিনি আবকাৰী আয়ুক্তৰ সন্তুষ্টি মতে শুধৰণী নকৰা পৰ্যন্ত অনুমোদন উঠাই লব পাৰে। আবকাৰী আয়ুক্তই নিৰ্দ্ধাৰণ কৰি দিয়া সময়ৰ ভিতৰত এই ভুল-চুকবিলাক শুদ্ধ কৰি দিবলৈ অনুজ্ঞা প্ৰাপকজন বাধ্য থাকিব লাগিব।
Downloads
TitleSizeDetail
Bonded Warehouses in Assam(Running)15.91 KBswf-image
Bonded Warehouses in Assam(Not running)12.12 KBswf-image