মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ আবকাৰী

আবকাৰী অনুজ্ঞাপত্ৰ

আবকাৰী অনুজ্ঞাপত্ৰঅনুমোদন

বিদেশী সুৰা পাইকাৰী হিচাপে বিক্ৰী কৰোতে তলত উল্লেখ কৰা পদ্ধতিসমূহ পালন কৰা হয়। প্ৰস্তাৱটো অসমৰ আবকাৰী আয়ুক্তৰ যোগেদি জিলাৰ কলেক্টৰৰ ওচৰলৈ পঠোৱা হয় আৰু ইয়াক অনুজ্ঞাপত্ৰ প্ৰদান কৰিবলৈ চৰকাৰলৈ পঠোৱা হয়।

আবকাৰী অনুজ্ঞাপত্ৰ প্ৰদান স্থানৰ পৰিৱৰ্তন বা যিকোনো অনুজ্ঞাপত্ৰৰ অংশীদাৰ সলনি –
অসম আবকাৰী বিধি,২০১৬ৰ ১১৩ নং নিয়মৰ অধীনত আবকাৰী অনুজ্ঞাপত্ৰ প্ৰদান বা স্থানৰ সলনি কৰা বা অংশীদাৰৰ সলনি কৰা, যিকোনো ধৰণৰ আবেদন নিৰ্দিষ্ট ফৰ্মত কৰিব লাগিব আৰু আবেদনৰ লগত নিম্ন উল্লেখিত হাৰত ঘূৰাই নোপোৱা আৰু আন কামত ৰফা কৰিব নোৱাৰা অনুজ্ঞাপত্ৰ পোৱা নোপোৱাৰ ওপৰত নিৰ্ভৰ নকৰি, আবেদনৰ মাচুল দাখিল কৰিব লাগিব।


(১)

নতুন ডিষ্টিলাৰী/ব্ৰীৱাৰিৰ বাবে অনুজ্ঞাপত্ৰ আৰু বৰ্তমানেও থকা প্ৰতিখন অনুজ্ঞাপত্ৰৰ স্থান সলনি

৫,০০,০০০ টকা

(২)

বিদেশী সুৰা ৰখা নতুন বণ্ডেড ৱেৰহাউছৰ বাবে অনুজ্ঞাপত্ৰ আৰু বৰ্তমানেও থকা অনুজ্ঞাপত্ৰৰ স্থাল সলনি কৰাৰ বাবে অনুজ্ঞা             

২,০০,০০০ টকা

(৩)

বিদেশী সুৰাৰ নতুন পাইকাৰী অনুজ্ঞাপত্ৰ আৰু বৰ্তমানেও থকা অনুজ্ঞাপত্ৰৰ স্থান সলনি কৰাৰ বাবে অনুজ্ঞা

১,০০,০০০ টকা

(৪)

বিদেশী সুৰাৰ নতুন ৰিটেইল অফ আৰু ৰিটেইল অনৰ বাবে অনুজ্ঞাপত্ৰ আৰু বৰ্তমানেও থকা অনুজ্ঞাপত্ৰৰ স্থান সলনি কৰাৰ বাবে অনুজ্ঞা

১,০০,০০০ টকা

(৫)

মাইক্ৰো ব্ৰিৱাৰীৰ অনুজ্ঞাপত্ৰৰ বাবে আবেদন পত্ৰ

১,০০,০০০ টকা

(৬)

বিদেশী সুৰাৰ অস্থায়ী বাৰৰ অনুজ্ঞাপত্ৰৰ বাবে আবেদন মাচুল

১০,০০০ টকা

(৭)

অনুজ্ঞাপ্ৰাপ্ত হোটেল আৰু ৰেষ্টোঁৰা বিলাকলৈ নতুনকৈ বিদেশী সুৰাৰ লেট ক্লজিং অনুজ্ঞাপত্ৰৰ বাবে আবেদন মাচুল

৫০,০০০ টকা

(৮)

বিদেশী সুৰাৰ অস্থায়ী লেট ক্লজিং অনুজ্ঞাপত্ৰৰ বাবে আবেদন মাচুল

৫,০০০ টকা

(৯)

নতুন কেণ্টিন ভাড়াতীয়াৰ অনুজ্ঞাপত্ৰৰ বাবে আবেদন মাচুল

৫,০০০ টকা

(১০)

চৌহদত নতুন অনুজ্ঞাপত্ৰ দিয়া, ব্লেণ্ড বিদেশী সুৰা আৰু বৰ্তমানেও থকা প্ৰতিখনৰ স্থান সলনিৰ বাবে আবেদন পত্ৰ

১,০০,০০০ টকা

(১১)

বটলত বিদেশী সুৰা কৰিবলৈ নতুন অনুজ্ঞাপত্ৰ আৰু বৰ্তমানেও থকা অনুজ্ঞাপত্ৰৰ স্থান সলনি কৰিবলৈ আবেদন মাচুল

৫,০০০ টকা

(১২)

ৰেক্টিফাইদ স্পিৰিট, ডিনেচাৰ্ড স্পিৰিট আৰু ঔষধী সুৰা, যিটো ঔষধ, ঔদ্যোগিক আৰু বৈজ্ঞানিক কামত আচলতে লাগে, তাৰ বাবে পাইকাৰী, খুচুৰা আৰু লগত ৰাখিবলৈ নতুন অনুজ্ঞাপত্ৰ আৰু বৰ্তমানেও থকা অনুজ্ঞাপত্ৰ স্থান সলনিৰ বাবে আবেদন মাচুল

৫,০০০ টকা

(১৩)

অনুজ্ঞাপত্ৰ সলনি কৰিবলৈ আবেদন মাচুল

১,০০,০০০ টকা

(১৪)

কাৰখানা চাব-লীজ দিয়াৰ বাবে আবেদনৰ মাচুল

৭৫,০০০ টকা

(১৫)

ম্যাদ শেষ হোৱা অনুমতি পত্ৰ ৰদ কৰা বা পুনৰনবীকৰণ কৰি ম্যাদ বঢ়োৱা আবেদনৰ মাচুল

প্ৰতিখন অনুমতি পত্ৰত ৫,০০০ টকাকৈ আমদানিৰ ক্ষেত্ৰত কনচাইনিয়ে দিব আৰু ৰপ্তানিৰ ক্ষেত্ৰত কনচাইনৰে ৰপ্তানি হোৱা ঠাইতে দিব।

হোটেলৰ অনুজ্ঞাপত্ৰ

অসম আবকাৰী বিধি, ২০১৬ৰ অধীনৰ ১১৫ নং নিয়ম মতে যিবিলাক হোটেলত থকা-খোৱাৰ সুবিধা আছে, সেই হোটেলবিলাকে সময়ে সময়ে চৰকাৰে নিৰ্দ্ধাৰণ কৰা বাৰ্ষিক অনুজ্ঞাপত্ৰৰ মাচুল দিয়াৰ পাছত ৰাজ্য চৰকাৰে আগতে কৰা অনুমোদনৰ ভিত্তিত জিলাৰ কলেক্টৰে ঠাইতে খাব পৰাকৈ হোটেলবিলাকক বিদেশী সুৰা খুচুৰাকৈ বিক্ৰীৰ বাবে অনুজ্ঞাপত্ৰ দিব পাৰে। এনেকুৱা অনুজ্ঞাপত্ৰৰ আধাৰত সেই হোটেলত সঁচাকৈ থাকিব অহা আৰু তাতে খোৱা-লোৱা কৰা মানুহৰ প্ৰযোজ্য হব।

ৰেষ্টোঁৰাৰ অনুজ্ঞাপত্ৰ

অসম আবকাৰী বিধি, ২০১৬ৰ অধীনৰ ১১৬ নং নিয়ম মতে যিবিলাক ৰেষ্টোঁৰাত খোৱা-লোৱাৰ সুবিধা আছে কিন্তু গ্ৰাহকৰ বাবে থকাৰ সুবিধা নাই, তেনে ৰেষ্টোঁৰাবিলাকে সময়ে সময়ে চৰকাৰে নিৰ্দ্ধাৰণ কৰা বাৰ্ষিক অনুজ্ঞাপত্ৰৰ মাচুল দিয়াৰ পিছত ৰাজ্য চৰকাৰে আগতে কৰা অনুমোদনৰ ভিত্তিত জিলাৰ কালেক্টৰ ঠাইতে খাব পৰাকৈ ৰেষ্টোঁৰা বিলাকৰ গ্ৰাহকক বিদেশী সুৰা খুচুৰাকৈ বিক্ৰীৰ বাবে অনুজ্ঞাপত্ৰ দিব পাৰে।

হোটেলত বাৰ আৰু ৰেষ্টোঁৰাৰ অনুজ্ঞাপত্ৰ

অসম আবকাৰি বিধি, ২০১৬ৰ অধীনৰ ১১৭নং নিয়ম মতে কোনো হোটেলৰ অনুজ্ঞাপত্ৰৰ গৰাকীয়ে যদি হোটেলৰ লগতে বাৰ প্ৰতিষ্ঠা কৰিব বা ৰেষ্টোঁৰা প্ৰতিষ্ঠা কৰিব, বিচাৰে তেন্তে তেনে বাৰ বা ৰেষ্টোঁৰা প্ৰতিষ্ঠা কৰিবলৈ দৰকাৰ হোৱা অনুজ্ঞাপত্ৰৰ বাবে কালেক্টৰলৈ তেওঁ আবেদন কৰিব লাগিব। আবেদনপত্ৰৰ লগত চৌহদৰ নক্সা এখনো সংলগ্ন কৰিব লাগিব আৰু ৰেষ্টোঁৰাখনৰ কোনকেইটা কোঠা বাৰ হিচাপে ব্যৱহাৰ কৰিব, সেইবোৰ বিশেষভাৱে চিহ্নিত কৰিব লাগিব। যদিহে কালেক্টৰে প্ৰস্তাৱিত বাৰ নাইবা ৰেষ্টোঁৰাখন অনুমোদন কৰে তেন্তে চৰকাৰে সময়ে সময়ে নিৰ্দ্ধাৰণ কৰা মাচুল আদায় দিয়াৰ পাছত চৰকাৰৰ পূৰ্ব অনুমোদনৰ ভিত্তিত আবেদনকাৰীক এখন বেলেগকৈ বাৰ অথবা ৰেষ্টোঁৰাৰ অনুজ্ঞাপত্ৰ দিব পৰা যাব।

অস্থায়ী বাৰৰ অনুজ্ঞাপত্ৰ

অসম আবকাৰি বিধি,২০১৬ৰ অধীনৰ ১১৮ নং নিয়ম মতে মেলা, উত্সৱ (ৰাষ্ট্ৰীয় আৰু ধৰ্মীয় উত্সৱৰ বাহিৰে), সভা আৰু ৰাজহুৱা আমোদ-প্ৰমোদৰ ক্ষেত্ৰত আবকাৰি আয়ুক্তই পূৰ্বে নিৰ্দ্ধাৰণ কৰা চৰ্তাৱলী মতে ৰাজ্য চৰকাৰে নিৰ্দ্ধাৰণ

লেট ক্লজিং অনুজ্ঞাপত্ৰ

অসম আবকাৰি বিধি,২০১৬ৰ অধীনৰ ১২৭নং নিয়ম মতে (১) বিদেশী সুৰা ঠাইতে খাব পৰাকৈ অনুজ্ঞাপ্ৰাপ্ত হোটেল, ৰেষ্টোঁৰা আৰু বাৰ সংলগ্ন হৈ থকা হোটেল আৰু ৰেষ্টোঁৰা আৰু ঠাইতে বিদেশী সুৰা খাব পৰাকৈ অনুজ্ঞাপত্ৰ থকা ক্লাব আদি দুপৰীয়া ১২ বজাৰ পৰা ৰাতি ১০ বজলৈ খোলাই থাকিব এনেকুৱা চৌহদবিলাক ৰাতি ১২ বজাৰলৈ খোলা ৰাখিবৰ বাবে ৰাজ্য চৰকাৰৰ পূৰ্বে অনুমোদন মৰ্মে নিৰ্দিষ্ট মাচুল আদায় দিয়াৰ পাছত এই বিধিৰ অধীনত ১৯(৩) নিয়ম মতে কলেক্টৰে লেট ক্লজিং অনুজ্ঞাপত্ৰ এখন প্ৰদান কৰিব পাৰে।