পণ্যাগাৰলৈ দেশী মদ যোগানৰ চুক্তি-
অসম আবকাৰী বিধি, ২০১৬ৰ অধীনৰ ১৬২নং নিয়ম মতে কোনো বিশেষ ঠাইত উপলব্ধ হোৱাকৈ কোনো মদৰ কাৰখানাৰ পৰা দেশী মদ যোগান ধৰাৰ বিশেষ চুক্তিৰ বাবে মদ যোগান ধৰাৰ ছমাহ আগতে আবকাৰী আয়ুক্তই নিবিদা আহ্বান কৰিব। পৰিস্থিতি সাপেক্ষে, ৰাজ্য চৰকাৰে ওপৰত উল্লেখ কৰাৰ দৰে ছমাহতকৈও কম সময়ৰ ভিতৰত দিব পৰাকৈ নিবিদা আহ্বান কৰিবলৈ আবকাৰী আয়ুক্তক নিৰ্দেশ দিব পাৰে।
অসম আবকাৰী বিধি, ২০১৬ৰ অধীনৰ ১৬৩নং নিয়ম মতে কোনো আবেদনকাৰীয়ে ১৬২নং নিয়ম মতে অনুজ্ঞাপত্ৰ পাবলৈ নিবিদা দিব খুজিলে, তেওঁ নিম্নোক্ত বিৱৰণসমূহ লিপিবদ্ধ কৰি আবকাৰী আয়ুক্তলৈ আবেদন জনাব লাগিব।
অসম আবকাৰী বিধি,২০১৬ৰ ১৬৩নং নিয়ম মতে আবকাৰী আয়ুক্তলৈ তেওঁৰ অনুমোদন দি নিবিদাসমূহ ৰাজ্যিক চৰকাৰলৈ প্ৰেৰণ কৰিব, নিবিদাখিনি তাত গ্ৰহণ কৰা বা নাকচ কৰা হব। যদি কোনো এজন আবেদনকাৰীকে যোগ্য বুলি ববেচনা নকৰি গোটেইবিলাক নিবিদাকে ৰাজ্য চৰকাৰে নাকচ কৰে, তেন্তে চৰকাৰৰ অধিকাৰৰ ভিত্তিত এনে এজন মানুহক অনুজ্ঞাপত্ৰ দিব পাৰে, যিজনে নিবিদা দিয়াই নাই অথচ আন আন কালৰ পৰা যোগ্য বুলি বিবেচিত হৈছে।
যদি বন্দোৱস্ত কৰা মতে কিবা চৰ্ত আবেদনকাৰীয়ে উলঙ্ঘা কৰে তেনেহলে কোনো ধৰণৰ ক্ষতিপূৰণ নিদিয়াকৈ সেই বন্দোৱস্ত খাৰিজ কৰি দিবলৈ অসম চৰকাৰৰ অধিকাৰ আছে। কোনো এটা বন্দোৱস্তি চলি থকাৰ মাজতে যদি আবেদনকাৰীয়ে ৰেক্টিফাইড স্পিৰিট গ্ৰেড-১ যোগান দিবলৈ অপৰাগ হয় বা ৱেৰহাউচত নিম্নমানৰ স্পিৰিট যোগান দিয়ে আৰু তেনে কৰাৰ ফলত চৰকাৰৰ লোকচান হলে ৰাজ্য চৰকাৰে ধাৰ্য কৰা মতে আবেদনকাৰীয়ে সেই লোকচানখিনি পূৰণ কৰিব লাগিব আৰু বন্দোৱস্তিটো খাৰিজ হৈ যাব।
দেশীয় মদৰ দোকানৰ বন্দোবস্তী, অনুজ্ঞাপত্ৰ আৰু মাচুল আদি
অসম আবকাৰী বিধি, ২০১৬ৰ ২৩৯নং নিয়ম মতে
বন্দোবস্তীৰ নিয়ম –
অসম আবকাৰী বিধি,২০১৬ৰ অধীনৰ ২৪০ নং নিয়ম মতে অহা বছৰৰ বাবে অনুজ্ঞাপত্ৰ দিব লগা দোকানসমূহৰ তালিকাখন নিৰ্দিষ্ট ফৰ্মত জিলা কালেক্টৰে আবকাৰী আয়ুক্তৰ পৰামৰ্শ মতে পিছৰ বছৰৰ অনুজঞাপত্ৰ দিয়াৰ ছমাহ আগতে বা আয়ুক্তই স্থিৰ কৰা সময় মতে প্ৰস্তুত কৰিব লাগে। উক্ত তালিকাখনত দোকনখন স্থাপন হব লগা ঠাইৰ চমু তালিকাখনত দোকানখন স্থাপন হব লগা ঠাইৰ চমু বিৱৰণ থাকিব লাগিব। তালিকাখনত নতুন দোকানৰ নাম সোমাব নোৱাৰিব আৰু বৰ্তমানে থকা দোকানসমূহৰ স্থান সলনি হব নোৱাৰিব, যদিহে বিশেষ পৰিস্থিতি উদ্ভৱ হয়, যিটো জিলা কালেক্টৰে নিজে বা জিলা কালেক্টৰৰ পৰা অধিকাৰপ্ৰাপ্ত আবকাৰী বিষয়াই স্থানীয়ভাৱে অনুসন্ধান কৰিব।
অসম আবকাৰী বিধি,২০১৬ৰ অধীনৰ ২৪১(১) নং নিয়ম মতে জিলাৰ কালেক্টৰে এই বিষয়ে বহল ভিত্তিত প্ৰচাৰ কৰিব আৰু তেওঁৰ এক্তিয়াৰত থকা নিগম/ পৌৰসভা/ নগৰ সমিতিৰ মেয়ৰ বা সভাপতি আৰু মহকুমা পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যলৈ ওপৰৰ ২৪০ নং নিয়মৰ ভিত্তিত প্ৰস্তুত কৰা দোকানৰ তথ্যসমূহ সেই নিগম/ পৌৰসভা/ নগৰ সমিতিৰ বা মহকুমা পৰিষদৰ এলেকাত পৰাটো নিশ্চিত কৰিবলৈ দিব। তথ্যখিনি পোৱাৰ পাছত নিগম/ পৌৰসভা/ নগৰ সমিতিৰ মেয়ৰ বা সভাপতি বা মহকুমা পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যই সেই তথ্যৰ কপি এটা তেওঁৰ কাৰ্যালয়ৰ নটিচ বোৰ্ডত লগাই দি কাৰোবাৰ কিবা আপত্তি থাকিলে নটিচ দিয়াৰ পৰা ১৫ দিনৰ ভিতৰত লিখিতভাৱে জনাবলৈ আহ্বান জনাব।
(২) কাৰোবাৰ নামবিলাকৰ তালিকখনৰ লগত যদি কাৰোবাৰ কিবা আপত্তি থাকে সেইবিলাক মেয়ৰ, সভাপতি বা মুখ্য কাৰ্যবাহী সদস্যই তেওঁৰ মন্তব্যসহ জিলা কালেক্টৰলৈ পঠাই দিব। এনেদৰে উপ-বিধি (১) অনুসাৰে টোকাটো পঠাই দিয়াৰ এমাহৰ ভিতৰত যদি কোনো ধৰণৰ যোগাযোগ নহয়, তেন্তে তালিকাখনত কাৰো একো আপত্তি নাই বুলি ধৰি লোৱা হব। আপত্তি পালে, জিলা কালক্টৰে নিজেই বা কোনো এজন ৰাজপত্ৰিত বিষয়াক স্থানীয়ভাৱে অনুসনধান কৰিবলৈ পঠাব পাৰে।
অসম আবকাৰী বিধি,২০১৬ৰ অধীনৰ ২৪২নং নিয়ম মতে জিলা কালেক্টৰে মদৰ খুচুৰা বিক্ৰীৰ প্ৰস্তাৱিত দোকানসমূহৰ নামৰ তালিকা জিলা আৰু মহকুমা কাৰ্যালয়, উপ-প্ৰতি সমাহৰ্ত্তাৰ কাৰ্যালয়, খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়, মহকুমাৰ পৰিষদৰ কাৰ্যালয়, গাঁও পঞ্চায়তৰ কাৰ্যালয় আদি উপযুক্ত বুলি বিবেচনা কৰা প্ৰধান ৰাজহুৱা স্থানসমূহত লগাব পাৰে। তেনে তালিকা বা নটিতচ এটা কথা উল্লেক থাকিব যে জিলা কালেক্টৰৰ ওচৰত দাখিল কৰিবলগীয়া আপত্তি ১৫ দিনৰ ভিতৰত দাখিল কৰিলেহে গ্ৰাহ্য কৰা হব। আপত্তি পোৱাৰ পিছত জিলা কালেক্টৰে স্থানীয়ভাৱে তাৰ ওপৰত এক অনুসন্ধান চলাব।
অসম আবকাৰী বিধি,২০১৬ৰ অধীনৰ ২৪৩নং নিয়ম মতে জিলা কালেক্টৰে (ক) পৌৰ নিগম/ পৌৰসভা/ নগৰ সমিতিৰ মেয়ৰ বা সভাপতি নাইবা মহকুমা পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যৰ বিৱৰণ, (খ) তালিকাভুক্ত দোকানৰ ওপৰত দিয়া আপত্তি (যদি আছে), আৰু (গ) ২৪১ আৰু ২৪২নং নিয়মৰ অধীনত কৰা স্থানীয় অনুসন্ধানৰ তথ্যসমূহ বিবেচনা কৰি এটা শেষ সিদ্ধান্তত উপনীত হব, যদিহে কোনো আদালত বা আবকাৰী আয়ুক্ত বা ৰাজ্য চৰকাৰৰ ওচৰত কৰা আপীল মৰ্মে হস্তক্ষেপ নহয়।অসম আবকাৰী বিধি,২০১৬ৰ অধীনত ২৪৬(১) নং নিয়ম মতে বন্দোৱস্তিৰ প্ৰপত্ৰখনত দেশীয় মদৰ দোকানখনৰ নাম, থানা, প্ৰতি এল.পি.এল.ত আগৰ বাৰৰ বিক্ৰী মাচুল, প্ৰতিখন দেশী মদৰ দোকানৰ মিনিমাম গেৰাণ্টিড কোটা, প্ৰতিখন দোকানৰ বাবে ১৫ দিনত খৰচ হোৱা মদৰ আনুমানিক পৰিমাণ আদি লিপিবদ্ধ হৈ থাকিব লাগিব. বন্দোৱস্তী প্ৰপত্ৰখনত চলিত বছৰত দেশী মদ কিমা পৰিমাণে বিক্ৰী হল আৰু তাৰ খুচুৰা দৰ কিমান, আৰু চলিত বছৰত দোকানখন চলাওতে কিমান লাভ বা লোকচান হল, সেই কথাও লিপিবদ্ধ হব লাগিব।